মোৰ চকুত এতিয়া ওখ ওখ অট্টালিকা আৰু চকু ছাঁট মাৰি যোৱা পোহৰ |
হাতত তোমাৰ হাত...
দৌৰিছোঁ...উশাহ সলাবলৈকো নাই সময় | ফেপেৰি পাতি আগভেটি ধৰিছে প্ৰচণ্ড শীতৰ কণিকাবোৰে | কুকুৰনেচীয়া বাঘৰ দলৰ দৰে পিছ লৈছে মোৰ বিশৃংখল অতীতৰ টুকুৰাবোৰে | শৰীৰৰ মাংসপিণ্ডবোৰ ছিটিকি ওলাই যোৱাৰ উপক্ৰম হৈছে, গৰম তেজে তপত লাভাৰ দৰে মগজু উতলাব ধৰিছে | একো গমিবলৈ সময় নাই, একো ভাবিবলৈ শকতি নাই ... অথাহ শূন্যৰ পৰা সৰি পৰা এটি আশাৰ তৰাক বুকুত বান্ধি লৈ তোমাৰ হাত খামুচি দৌৰিছোঁ মাথোন |
চন্দামাছৰ দৰে জিলিকি পৰিছে আমাক চাই ৰোৱা মানুহৰ চকুবোৰ | নাৰাজ তেওঁলোকৰ চেহেৰাই নামঞ্জুৰ কৰি দিছে আমাৰ অভিলাষা | আচৰিত হোৱা নাই মইক... আস্পৰ্ধাও নাই মনৰ ভিতৰত | সমাজৰ দৃষ্টিত পৰিচয়বিহীন আমাৰ আচৰণৰ অস্তিত্ব; কোনেও বুজি নাপাব, কোনেও মানিও নল’ব | স্বপ্নাৱিষ্ট হৈ অন্ধৰ দৰে খামুচি ধৰা নাই তোমাৰ হাত | তোমাৰ বিবাহৰ খবৰ পোৱাৰে দিনাই ঠিৰাং কৰিছিলোঁ- মৰহি যাবলৈ নিদিম এই আলজালত তোমাৰ আৰু মোৰ প্ৰেম-কাহিনীক | ফুলাম পুনৰ শুকান মাটিত মনোমোহা অৰ্কিড |
হাতত এতিয়া তোমাৰ হাত;
অট্টালিকাৰ নিৰ্বাক হট্টগোল পাৰ হৈ আমি দৌৰিছোঁ মুকুতিৰ দিশে ...
Santanu Changmai
New Delhi