"বনগীত"
চুচুক চামাককৈ আহি শীতৰ সন্ধিয়াবোৰে দুৱাৰ-খিড়িকীত টোকৰ মাৰিছে | শেতেলিলৈ হাত বাউল দি মাতিছে ইমান দিন লুকাই থকা উমাল সময়বোৰে | আঁতৰি যোৱা সূৰুযমূখী চৰাইজাকৰ কাকলিৰে উপচি পৰিছে বাগিচাৰ চৌহদ | ইমান উখল-মাখল, ইমান ভালপোৱাৰ মাজত তাইৰ চকুকেইটা হৰিণীৰ নয়নৰ দৰে বহল হৈ পৰিছে |
সঁচাকৈয়ে আহিছিল নে অলংকাৰ তাইৰ জীৱনলৈ ?তাইৰ শুষ্ক ৰঙবিহীন কেনভাছত আবিৰ ঢালি ৰঙীন কৰি তুলিবলৈ কিয় আহিছিল সি বসন্তৰ গীত গুণগুণাই? তাৰ তপত ওঁঠত লাগি আছিল নেকি বাৰু চলনাৰ মৌ? তেতিয়াই নাচালে বাৰু কিয় তাই, তেতিয়াই কিয় তাৰ বুকুখন ফালি চাবলৈ চেষ্টা নকৰিলে কিমাননো নিৰ্মোহ আছিল তাৰ প্ৰেমৰ প্ৰাসাদৰ অনুপম সংগীত ?
অলংকাৰৰ আবেগত প্ৰতিধ্বনিত হৈছিল গীতুৰ অন্তৰৰ নিবিড়ত চেপা খাই থকা গানৰ কলি; মন্ত্ৰৰ দৰে ফুটিছিল কবিতা তাৰ প্ৰতিটো আখৰত | কি দৰে, কি দৰে নো তাই প্ৰস্তৰৰ দৰে অন্ধ-কঠিন হৈ উফোৰাই পঠাব সেই চেনেহৰ নিজৰা? নপঠালে ! এটি এটিকৈ কেঁকুৰীবোৰেদি বৈ গ’ল অলংকাৰৰ ৰিণি ৰিণি শব্দৰ সমদল- ভোল গ’ল তাই, অভিভূত হৈ শিৰ তাইৰ দোঁ খালে প্ৰকৃতিৰ অনাৱিষ্কৃত বিস্ময়ৰ আগত |
শৰতৰ কোনোবা পুৱতি নিশাতে কোনো মৌন গজল আওৰাই অলংকাৰ অন্তৰ্দ্ধান হ’ল |
গীতু থমকি ৰ’ল | তাইৰ বুকুত বাজিল দামামা | প্ৰতিটো ৰন্ধ্ৰই তাৰ নাম জপি তাইক বিয়াকুল কৰিলে | অপেক্ষাত বুৰ গ’ল কতনা আবেলি | আশাৰ জোনাকত নগ্ন শৰীৰ ডুব যাবলৈ এৰি দি তাই আঙুলিৰ নখবোৰ কামুৰি কামুৰি চুটি কৰি পেলালে | নখবোৰ আকৌ দীঘল হ’ল | উখহা চকু শাঁত পৰিল | তেও সি নাহিল | বুকুভৰি জমা হৈ ৰোৱা দুখবোৰ তাই এদিন কান্দি কান্দি উটুৱাই দিলে | দুখবোৰ গৈ গেলা খাল এটাত জমা হৈ লাহে লাহে শুকাই গ’ল |
তাই বন্ধ খিড়িকীখনৰ কপাট চুই চাইছে | চেঁচা...!
চুচুক চামাককৈ আহি শীতৰ সন্ধিয়াবোৰে দুৱাৰ-খিড়িকীত টোকৰ মাৰিছে |
তাই আৰু তালৈ বাট চাই টোপনি খতি নকৰে | গোট মাৰি যোৱা হৃদয়খনলৈ তাই পোহৰ সোমাবলৈ দিব | হাত ভৰি ঠেৰেঙা লগা কোনোবা এটা নিশাতে জাৰক আওকাণ কৰি তাই সোমাই যাব অচিনাকি হাবিখনলৈ | বিচাৰি বিচাৰি বুটলি আনিব নাম নজনা বনৰীয়া ফুল | ফুলদানীত সজাই তাই চ’ৰাঘৰটো ধুনীয়া কৰি পেলাব | পদূলিত আকৌ থিয় দিব | দূৰৈৰ পৰা ভাঁহি আহিব কোনোবা গৰখীয়াৰ ঘৰমূৱা গীত| তাই মিচিকিয়াই হাঁহিব |
শান্তনু চাংমাই
নতুন দিল্লী