পখিলালৈ এখন প্ৰেমৰ চিঠি
"খন্তেকৰ বাট "
খন্তেকৰ বাট বুলিবলেও টান লাগে, যদিহে উপলব্ধি হয় অশান্ত | তুমি মাতিছা বুলিয়েই যাম নে? যদি তুমি ছটিয়াই দিয়া আন্তৰিকতাৰ আতৰ, কিমান দিনলৈকে থাকিব তাৰ গোন্ধ ? অহামাহতে যদি মৌলবীয়ে ধৰি বান্ধি তোমাৰ নিকাহ শ্বেখৰ লগত কৰি দিয়ে; মোৰ কি বাকী থাকিব ? মায়াৰ এবটল ফটিকাত তুমি আকণ্ঠ ডুবি থাকিবা- এইফালে আতৰৰ গোন্ধ বিচাৰি বিচাৰি ঘুৰ্মুটিয়াই থাকিব মোৰ মৰাশ’ |
মথাউৰি বান্ধিব নিবিচাৰোঁ মই তোমাৰ আকাংক্ষাত... যিমান মন যায় সিমান দূৰ বোৱাই দিয়া তোমাৰ সপোনৰ নদী | উৰিব খুজিলেও সদায়েই খিৰিকী খোলা | মোৰ বাগিচালৈ বিপ্লৱ আনিব খুজিলেও হাক নাই | বকলা এৰাই যোৱা মোৰ ডায়েৰী বোৰ ডাকত পাইছাই চাগে...! বুজি পাইছাই দেখোন মোৰ পদূলিৰ বকুল গছজোপাৰ ফুল তেজৰ ৰঙেৰে ৰাঙলী | তথাপি মাতিছা ...
মোৰ কাণে মূখে পৰুৱা, প্ৰেমৰ | তোমাক ক’বলৈ লাজ লাগে | জানোচা তুমি ধানকে পতান বুলি ভাবা- তাৰো ভয় | দেওঘৰত বহি ৰাতি ৰাতি আজিকালি তোমাৰ কথা ভাবোঁ, মাটিৰ মজিয়াখনতে খৰিকাৰে আঁক-বাক কৰোঁ তোমাৰ ছবি | কোনোবাই নিতৌ পুৱা মচি থৈ যায় | মচিব নোৱাৰে কলিজাত আঁকি থোৱা তোমাৰ হাঁহিটো |
য’তে ত’তে গজি উঠা ধঁতুৰা গছবোৰ কালি চিকুনাই পেলালোঁ | তাতে খান্দিম এটি পুখুৰী, থাকিব পদুম ফুল আৰু এখনি পানচৈ- তুমি আহিলে উঠিব পাৰিবা | মামৰে ধৰা মাছবোৰে আকৌ কণী পাৰিছে জানা? আহিলে দেখিবাই নহয় | মোক যে মাতি আছা, আব্বাজানক নোকোৱাকৈ ঈদৰ আগদিনাই পলাই নাহা কেলৈ? মোৰ দুৰ্গত তুমি সুৰক্ষিত |
খন্তেকৰ হে বাট, আহিবা, মই বাট চাই থাকিম ৰাঙলী বকুলজোপাৰ তলতে বহি |
শান্তনু চাংমাই
নতুন দিল্লী
সুন্দৰ।
ReplyDelete