Oct 17, 2012

আমৃত্যু


"আমৃত্যু"

যাযাবৰী জীৱনৰ দুপৰবেলা ক্ষন্তেক জিৰাবলৈ লৈ বাটৰ কাষৰ আমলখি গছজোপাৰ তলতে বহিছোঁ | জোলোঙাৰ পৰা দাপোণখন উলিয়াই লৈ নিজকে এবাৰ চাইছোঁ- চিনি পাবলৈ বৰ কষ্ট হৈছে | অবিন্যস্ত চুলি, এপথাৰ ডাঢ়ি, এক ইঞ্চি মলিনতাৰে আৱৰি ৰখা ছালচটাৰ ভিতৰলৈ গৈ নিজকে চিনি পাবলৈ সঁচাই বৰ কষ্ট হৈছে | চকুযুৰিলৈ চাইছো এইবাৰ- এইহালটো মোৰ চকু নহয়; দুহেজাৰ তিনিশ  ওঠৰ দিন আগতে তুমিয়ে এৰি থৈ যোৱা নাছিলা জানো? কোৱা নাছিলা জানো- যে তোমাৰ চকু, লাহী কঁকাল, চুলি সকলোবোৰ মোৰ একচেটিয়া সম্পত্তি? বাকী সকলো বোৰ টোপোলা বান্ধি লৈ যোৱাৰ পিছতো যে চকুহাল এৰি থৈ গ’লা?- বৰ আচৰিত কথা ! 

এতিয়া মোৰ বাকী আছেনো কি? অনুৰাগ, অনুভূতি, আবেগ সকলোবোৰ দেখোন তুমি লুটি নিলা? মৰাশ এটাৰ দৰে ঘূৰি ফুৰিছো মাথোন- তুমি হয়তো নাজানা, কেতিয়াবা আঁউসী মাজনিশা তোমাৰ পদূলিত গৈ থিয় হৈ থাকো- কিবা এটা ভাল লাগে বুজিছা? অ’ তুমি হয়তো নুবুজিবা, বুজি পোৱা হ’লে এনেকৈ মই  ভিক্ষুকৰ দৰে পথে পথে ঘুৰি ফুৰিব নালাগে | তুমি বুজি পোৱা হ’লে মইও আজি তোমাৰ বাবে কিনিলোঁ হেতেন মুগা-পাটৰ মেখেলা, তোমাৰ শিৰত থাকিল হয় মোৰ নামৰ তেজৰঙা সেন্দুৰ | 

ঘৰৰ মানুহমখাই মোক বিচাৰি ফুৰিছে- বাটৰ মানুহে মোক দেখিলে বলিয়া বুলি শিলগুটি দলিয়ায়, কেও আক’ মাতি নি কুকুৰৰ শাৰীত বহুৱাই দানা অকণমান খুটিবলৈ দিয়ে | তুমি দিয়া ৰুমালখনৰ ৰং উৰি মটীয়া হৈছে, তোমাৰ নামটো লিখা সূতাবোৰো জহিছে, কিন্তু মই পেলাই দিয়া নাই, মানে পেলাই দিব নোৱাৰো |

তুমি যে মোৰ কবিতা পঢ়ি অবাক হৈ মোক থৰ লাগি চাই থাকিছিলা? 

তুমি যে মোৰ গানৰ কলিত চকুপানী টুকিছিলা? 

তুমি যে প্ৰতিজ্ঞা কৰিছিলা আজীৱন মোৰ হৈ থাকিবা বুলি? 

জীৱনটো বৰ দীঘল- মৃত্যুলৈ বহু সময় আছে! হয়তো তুমি সেই পুৰণি কথা মনত পেলাই কেতিয়াবা উধাতু খাই দৌৰি আহিবা ! 

সেয়ে তোমালৈ ৰৈ থাকিম মই, আমৃত্যু ... 

শান্তনু চাংমাই
অসম


No comments:

Post a Comment

মতামত: