প্ৰেমৰ দীঘল বাট
জাৰৰ নিশা কঁপি কঁপি কুঁৱলীসনা বাটত খোজ কাঢ়ি কাঢ়ি তোমাৰ কথা ভাবি যে ওঁঠত অজানিতে মিচিকীয়া হাঁহি এটা খেলাই যায়; তাৰ আমেজ তুমি নো কি বুজিবা ? তোমাৰতো বাহিৰলৈ ওলাই অহাৰ সময়েই নাই |
কৈছোঁ শুনা-
দীঘল দীঘল বাট কিছুমান হীৰা মুকুতা মাণিকেৰে ভৰি থাকে | পথৰ দুয়োকাষে সুশৃংখল ওখ ওখ গছ | নাৰিকল গছৰ দৰে ওখ হ’লেও তাত কিদৰে ফুল ডাল ভৰি ভৰি লাগি থাকে মোৰ বুদ্ধিৰ বাহিৰত- কিন্তু বৰ ভাল লাগে জানা ? চেঁচা বতাহৰ সতে ফুলৰ সুঘ্ৰাণ যেতিয়া হাওঁফাওলৈ সোমাই যায় কি যে নুবুজা আনন্দৰ শিহৰণ জগাই তোলে | উফ্ - এবাৰ চকু মুদি ভাবিবলৈ যত্ন কৰাচোন কিজানি কিবা এটা বাগৰি যায়েই তোমাৰ বুকুৰ মাজেদি |
[চকু মুদিলা? কিবা এটা অনুভৱ কৰিলা বুলিয়েই ধৰি লৈছোঁ তোমাৰ ঈষত্ হাঁহি দেখি | আৰু আছে শুনা ]
হীৰা-মাণিকৰ ৰাস্তাবোৰ শেষ হোৱাৰ পিছত এটা সুৰংগ আৰম্ভ হয় | প্ৰথমতে তাত সোমাই যাবলৈ ইতস্তত: কৰিছিলোঁ | কুঁৱলীৰ কুণ্ডলী কিছু সময় গিলাৰ পিছত এখোজ দুখোজকৈ সোমাই গ’লোঁ | ঘোপ মৰা আন্ধাৰ, ফুলৰ গোন্ধো নাই – কিবা যেন অহেতুক ভয়ৰ বাষ্প বিয়পি আছে বতাহত | ঠিক যেন তোমাক আন কাৰোবাৰ হাতত হেৰুৱাই পেলোৱাৰ ভয় | হৃদয়ৰ স্পন্দন ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল, তোমাক প্ৰথম লগ পোৱাৰ দিনা যেনেকৈ বাঢ়িছিল | গান এটা সুহুৰিয়াই গুণগুণাবলৈ চেষ্টা কৰিলোঁ- সুৰংগৰ দেৱালবোৰত ঠেকা খাই খাই প্ৰতিধ্বনি বহু সময়লৈকে বাজি থাকি থাকিল; মইগ গুণগুণাবলৈ বন্ধ কৰাৰ পিছতো | প্ৰেমৰ কি যে ভৌতিক ৰূপ- তুমি নুবুজিবা, তোমাৰতো এনে সুৰংগত খোজ কাঢ়িবলৈ সময়েই নাই | সুৰংগৰ ইটো মূৰ নেদেখি... হয়তো ইটো মূৰ নাছিলেই, মইম গম নাপাওঁ; কাৰণ হঠাত অটল গহবৰ এটাত মই পিছলি পৰি গ’লোঁ ...
[ চক নাখাবা, মই ও প্ৰথমতে চক খাই উঠিছিলোঁ কিন্তু কিছু সময়ৰ পিছত এক নজনা অনুভূতিয়ে মোক অধিক ৰোমাঞ্চিত কৰি তুলিলে ] পৰি আছোঁ পৰি আছোঁ, যেন অনাদি কাললৈকে তললৈ গৈয়েই থাকিম, ক্ষন্তেক সময়ৰ কাৰণে অহা ভয়ৰ টোপোলাটো কৰ্ফাল খাই ক’ৰবাত থাকি আহিল, তোমাৰ চেহেৰাটো মোৰ মানস পটত ভাঁহি উঠিল | এৰা, ই টো গহবৰ নহয়, তোমাৰ প্ৰেমত পৰাৰ চেতনা, যেন পৰিয়েই থাকিম পৰিয়েই থাকিম- বাৰে বাৰে | তুমি হয়তো নুবুজিবা, তোমাৰতো প্ৰেমত পৰিবলৈকো কিঞ্চিত্ সময় নাই |
[তুমি হয়তো ভাবিছা, ইমান ওপৰৰ পৰা পৰি মোৰ হাড়-মূৰ গুড়া হ’ল ! মিছা, নহ’লেনো এইখন পত্ৰ তোমালৈ কি দৰে লিখিছোঁ কোৱা ? ]
তোমাৰ চকুযুৰিৰ কথা ভাবি ভাবি হাড় ভাগিলেও মোৰ দুখ নাথাকিল হয়, কিন্তু কি জানো হ’ল- মই উৰিবলৈ ধৰিলোঁ, মোৰ পাখি দুখন গজি উঠিল, মইয় নাজানো কেনেকৈ ই সম্ভৱ, নুসুধিবা, ক’ব নোৱাৰিম | কিন্তু এই কথা সত্য যে মই উৰিবলৈ ধৰিলোঁ, প্ৰেম হ’লে মানুহে যেনেকৈ উৰি ফুৰে, ঠিক তেনেকৈ... এক পোহৰ অনুসৰণ কৰি মই অনেক সময় ধৰি উৰিলোঁ | যেতিয়ালৈকে গৈ নাপালোঁ আকাংক্ষিত লক্ষ্যস্থান |
[হামিয়াইছা কিয়? বিশ্বাস হোৱা নাই? ঠিকেই ক’তনো বিশ্বাস কৰিবা... যোৱা ৰাতিও মই তোমাৰ ঘৰৰ তলত তোমাৰ দ্বিতীয় মহলাৰ কোঠাটোৰ খিৰিকীৰ ফালে চাই চাই থিয় হৈ আছিলোঁ | বাহিৰলৈ এবাৰ মাথোঁ ভুমুকিয়াবলৈ তোমাৰ সময়েই নাছিল ]
শান্তনু চাংমাই
নতুন দিল্লী
No comments:
Post a Comment
মতামত: